Thursday, 6 June 2013

উচিত অনুচিত.....

ঋতুৰ দৰে সলনি হৈ থকা, উচিত নহয়,
আনৰ হাতৰ জুনুকা হৈ জীয়া, উচিত নহয়৷
সময়ক ধৰি ৰখাৰ প্ৰচেষ্টা বিফল হ’ল,
ইয়াকে লৈ ক্ৰোধান্বিত হোৱা, উচিত নহয়৷
মুক হৈ নাথাকিবা , যেতিয়া মাত দিয়া উচিত,
কিন্তু অনাহক উত্তেজিত হোৱা উচিত নহয়৷
এবাৰ যদি খোজ ল’লা, তেন্তে লক্ষ্যলৈকে যোৱা,
আধা বাটত বাধা পাই ৰোৱা, উচিত নহয়৷
সত্য যেতিয়া আগত আছে, পোনে পোনে চকুলৈ চাই
নিজ ব্যক্তব্য ৰাখা, সংকোচ কৰা উচিত নহয়৷
বাসস্থানৰ ৰক্ষণাবেক্ষণ প্ৰয়োজনীয় কথা,
তাৰ বাবেই বিচলিত হোৱা, উচিত নহয়৷
তুমিনো কিমান পানীৰ মাছ, সময়েহে ক’ব,
অনাহক আকোৰগোজ হোৱা উচিত নহয়৷
এন্ধাৰৰ সতে যুঁজিবলৈ যেতিয়া সুযোগ মিলে,
তেতিয়া পিছলৈ উভটি চোৱা , উচিত নহয়৷
পৰিণাম বিচাৰি তৰ্ক কৰা, উচিত কথা,
পিছে কলহপূৰ্ণ বিষয় খামুচি থকা, উচিত নহয়৷

মূল: (হিন্দী) ড০ৰঘূনাথ মিশ্ৰ,
অনু: ড০মাখন লাল দাস

No comments:

Post a Comment