আমি বিচাৰি ল’ম
কিমান লোক নি:শেষ হৈ গ’ল, আমি বিচাৰি ল’ম,
তাৰ চকু সাক্ষী কিছুমানো , আমি বিচাৰি ল’ম৷
শীতৰ ৰাতিত কঁপি থাকে য’ত অসংখ্যজন,
তাতেই উমাল বিলাসগৃহ, আমি বিচাৰি ল’ম৷
ইফালে ইয়াত আছে নিতৌ, ভোক-পিয়াহ, মহামাৰী,
আনফালে তাত কিয় বাহ-বাহ, আমি বিচাৰি ল’ম৷
প্ৰেম-ভ্ৰাতৃত্ব ভাবেৰে ভৰা, সতেজ সুন্দৰ পৰিবেশত,
এই উৰা-বাতৰিনো কোনে বিয়পালে, আমি বিচাৰি ল’ম৷
যি চুবুৰীত ঘৰে ঘৰে আনন্দ বিলাইছিলো তাত,
এই মনোবেদনানো ক’ৰা পৰা আহিল, আমি বিচাৰি ল’ম৷
ইমানদিনে বৈ আহি থকা নদীখনৰ হঠাতে ইয়াত,
আজি স্তব্ধ হ’ল কিয় প্ৰবাহ, আমি বিচাৰি ল’ম৷
মূল: (হিন্দী) ড০ৰঘূনাথ মিশ্ৰ,
“সোচ লে তু কিধৰ জা
ৰহা হে” কিতাপত সন্নিবিষ্ট
অনু: ড০মাখন লাল দাস

No comments:
Post a Comment