Thursday, 6 June 2013

মই পাপাৰ নিচিনা হৈ পৰিম..

মই পাপাৰ নিচিনা হৈ পৰিম

সকলোৱে মোক মৰম কৰিব, যেতিয়া মই ভাল হৈ পৰিম
বেগাই-বেগাই পঢ়ি-লিখি মইও, পাপাৰ নিচিনা হৈ পৰিম৷
বাইদেউ মোৰ কিযে ভাল লগা, পঢ়া-শুনাত চলে আগে,
শ্ৰেণীত সদায় হয় প্ৰথম, সোনকালে শুৱে সোনকালে উঠে৷
এলাহ তেওঁৰ কণমানো নাই, দিনৰ কাম দিনে কৰে,
ডাঙৰৰ কথা সদায় মানে, পলম নকৰি চিধা লৰ মাৰে৷
বাইদেউৰ নিচিনা উৎসাহ লৈ, সুখী ভৱিষ্যত মই কৰিম,
বেগাই-বেগাই পঢ়ি-লিখি মইও, পাপাৰ নিচিনা হৈ পৰিম৷
ককাই আঙুলিত ধৰি সদায়, ওচৰৰ পাৰ্কত ফুৰাব’লে নিয়ে
ককা আৰু মই লুকা-ভাকু খেলো, হিয়া ভৰা ৰং-ধেমালিৰে
ককাই যেতিয়া শুনায় গান, নাচোন ধৰোঁ মই তালে তালে
সেই পাৰ্কতে মোৰ সমনীয়াবোৰো, জপিয়াব ধৰে আনন্দতে
ডাঙৰ হৈ মইও এদিন, গীত-কবিতা শুনাব ধৰিম
বেগাই-বেগাই পঢ়ি-লিখি মইও, পাপাৰ নিচিনা হৈ পৰিম৷
আইতাৰ বাবে মই ফুল কুমলীয়া, মাৰ হওঁ নয়নৰ তৰা
মৰম চেনেহ সকলোৱে কৰে, আংকল-আন্টিৰ আদৰ ধৰা
পেহী মোৰ বুকুৰ দেহী, পিঠিত উঠায় নিজে হৈ ঘোঁৰা
মোৰ ঘৰৰ সকলোৱে কয়, মই হেনো ঘৰৰ ভোটাতৰা৷
টিচাৰে কয় ভাল নম্বৰ পালেহে বোলে, ভাল নাম মই কৰিম
বেগাই-বেগাই পঢ়ি-লিখি মইও, পাপাৰ নিচিনা হৈ পৰিম৷
এতিয়া আমাৰ বন্ধ চলিছে, মামাৰ ঘৰলৈ যাম,
ককা-আইতা, মামা-মামীৰ স’তে ঠাই ফুৰিব পাম৷
বিধে-বিধে জুতি ল’গা, খোৱা-বোৱা হ’ব অবিৰাম
খেলি-ধুলি, ফুৰি-মেলি, আনন্দেৰে মন ভৰাম৷
ককা-আইতাৰ আদৰ্শত চলি, মইও সন্মান লাভ কৰিম
বেগাই-বেগাই পঢ়ি-লিখি মইও, পাপাৰ নিচিনা হৈ পৰিম৷
জনকবি ড: ৰঘূনাথ মিশ্ৰৰ হিন্দী কবিতা “মেয় পাপ চা বন জাওঁগা” ৰ অসমীয়া ৰুপান্তৰ

No comments:

Post a Comment